(৮) মৃত্যু আহে

মৃত্যু যেতিয়া আহে
আকাশখন ডাৱৰীয়া হৈ পৰে ,
পলকতে !
আকাশ ভাঙি বৰষুণ সৰে ।

দুখত চটফট্ কৰে নৰীয়া দেহা ,
আত্মীয়ৰ আঁৰ কাপোৰৰ তলেদি
জোনবাই ওলায় ।

নিজান মেঘৰ তলেদি পাৰ হয়
আত্মাৰ চিৰশান্তিৰ সংবাদ ।
দুখৰ পোছাক পিন্ধি ৰাতিৰ ফুলনিত
কথা পাতে জোনাকৰ ছাঁ ।

গছবোৰেও সামৰি থয়
দুখৰ খবৰ ,
সিহঁতৰ গাৰ ছাঁ লাগি
গুচি যায় বিৰহৰ দিন ।

সন্মুখত বহু যুগৰ বাট
মৃত্যু যেতিয়া আহে ,
নিজান নিজান লাগে ।
দুখৰ শিতানত বহি কোনোবাই
আকাশৰ তৰা গণে ।।

Comments

Popular Posts