(১০) ভালপোৱা জীৱন

তোমাৰ ওঁঠৰ হাঁহিবোৰ মোক দিয়া
ময়েই তোমাৰ প্ৰেমিক হম ।
দুপৰ নিশা দূৰণিৰ গাঁৱত ঐনিতম সুৰ তুলিম ,
ৰিণি ৰিণি নামি অহা ভালপোৱা ।

হাবিতলীয়া বাটেদি নামি আহিব জোনাক ,
কিবা যেন শিহৰিত প্ৰতিচ্ছবি ।
দুখন হৃদয় এক হৈ সপোন ফুলিব ,
আৰু সেই পাহি সপোনৰ মাজেদিয়েই
বাঢ়ি আহিব ভালপোৱাৰ আকাশ ,
প্ৰতিটো দিন , প্ৰতিটো ৰাতি ।।

Comments

Popular Posts