(৪) সুৰ অহা বাটেদি
দুখবোৰে কবিতা লিখে
মোৰ হাতেৰে অথবা
তোমাৰ হাতেৰে ,
অনুভৱবোৰ আজি নাই
দুখ কৰিয়েই শেষ হ'ল
ল'ৰালি সদৃশ সোঁৱৰণি ।
অবোধ দিনৰ চাকনৈয়াত পাৰ কৰিছোঁ
সেমেকা আঁচলৰ কোনোবা ৰাতি ,
এন্ধাৰে বহু বাট কাটি যায়
সতেজ সুৰে আশা ঢালি যায় ।
নিজান সুৰত ঢলি যায়
তোমাৰ শুকান ওঁঠ ,
দুখ নথকা সুগন্ধই চোতাল গৰকিলেই
হৈ নপৰে আজীৱন সুখৰ সম্ভাৰ ।।
মোৰ হাতেৰে অথবা
তোমাৰ হাতেৰে ,
অনুভৱবোৰ আজি নাই
দুখ কৰিয়েই শেষ হ'ল
ল'ৰালি সদৃশ সোঁৱৰণি ।
অবোধ দিনৰ চাকনৈয়াত পাৰ কৰিছোঁ
সেমেকা আঁচলৰ কোনোবা ৰাতি ,
এন্ধাৰে বহু বাট কাটি যায়
সতেজ সুৰে আশা ঢালি যায় ।
নিজান সুৰত ঢলি যায়
তোমাৰ শুকান ওঁঠ ,
দুখ নথকা সুগন্ধই চোতাল গৰকিলেই
হৈ নপৰে আজীৱন সুখৰ সম্ভাৰ ।।
Comments
Post a Comment