(৭) জীৱন যাত্ৰা

উভতি যাওঁ সদায়ে ঘৰলৈ বুলি 
ভাগৰি জাগৰি 
আজিলৈকে বুজি নাপালো ?
কাম কৰিবলৈ জী আছো নে 
জীয়াই থাকিবলৈ কাম কৰিছো ।

ল'ৰালিত একাধিকবাৰ সোধা হৈছিল 
এটি প্ৰশ্ন—" ডাঙৰ হৈ কি হ'বা? "
উত্তৰ আজি পালো— 
আকৌ সৰু হ'ব খোজো ।

বন্ধুৰ পৰা বিচ্ছেদৰ পিচত 
বাস্তৱত দেখিলো সঁচাই সেয়া উৎপতীয়া আছিল,
কিন্তু তাৰ পৰা যে আনন্দৰ লহৰ উঠিছিল ।

ভৰ্তি পকেটেৰে পৃথিৱী দেখিলো ,
শূন্য পকেটেৰে আপোনজনক ।

যেতিয়া উৰ্পাজন কৰাৰ দিন আহিল 
তেতিয়া বুজি পালো 
চখবোৰ মা-দেউতাৰ পইচাৰে হৈছিল ,
নিজৰ পইচাৰে কেৱল 
নিজৰ প্ৰয়োজনবোৰহে পূৰণ হয় ।

হাঁহিবলৈ মন নগ'লেও হাঁহিব লগা হয় ,
কোনোবাই যেতিয়া সোধে 'কেনে আছা' 
তেতিয়া 'ভালে আছো' বুলি ক'ব লগা হয় ।

এয়া জীৱনৰে ৰঙ্গমঞ্চ বন্ধু, 
ইয়াত সকলোৱে নাটক কৰিব লাগে ,
জুইশলাৰ প্ৰয়োজন নাই
ইয়াত মানুহে মানুহৰ বাবে জ্বলে ।

পৃথিৱীৰ ডাঙৰ বিজ্ঞানীয়ে 
মঙ্গল গ্ৰহত অনুসন্ধান কৰিব খোজে ,
মঙ্গল গ্ৰহত জীৱন আছে নে নাই ?
পিচে মানুহে এইটো অনুসন্ধান নকৰে 
জীৱনত মঙ্গল আছেনে নাই ? 

মন্দিৰলৈ ফুল দিবলৈ আহি 
এই অনুভৱ হ'ল—
পাথৰক জিনিবলৈ আহি 
ফুলক হত্যা কৰি আহিলো ,
গৈছিলো পাপৰ প্ৰায়চিত্ত কৰিবলৈ 
পিচে তাতে আকৌ পাপেই কৰি আহিলো ।

টোপনি আৰু মৃত্যুৰ মাজত পাৰ্থক্য কি ? 
কোনোবাই কি যে সুন্দৰকৈ উত্তৰ দিছে— 
টোপনি আধা মৃত্যু ,
আৰু মৃত্যু চিৰ শান্তিৰ টোপনি ।

জীৱনটোৱে নিজৰ শৈলীতে গতি কৰে ,
আনৰ সহায়তো মৃতদেহহে উঠে ।

পুৱা হয়, সন্ধ্যা হয় 
বয়স এনেকৈয়ে বাঢ়ি গৈ থাকে ,
কোনোবাই কান্দি হৃদয় জুৰাই 
কোনোবাই হাঁহিয়ে দুখ লুকুৱায় ।

কি আশ্বৰ্য সৃষ্টিকৰ্তাৰ ! 
জীৱিত মানুহে পানীত ডুবে ,
আৰু মৃতই পানীত উপঙি থাকে ।

বচ, এনৈকেয়ে কণ্ডাক্তৰ হৈ গৈ আছো 
জীৱনৰ ...
যাত্ৰা প্ৰতিদিনৰ...
পিচে যাব লগা ক'তোৱেই নাই ।

সফলতাৰ সৈতে মুখামুখি হওঁতে 
নিজৰ কোঠাতেই উত্তৰ পালো :

মুধচে ক'লে-"নিজৰ উদ্দেশ্যে আগত ৰাখা "
পাংখাই ক'লে- "শীতল হৈ থাকা "
ঘড়ীয়ে ক'লে—"প্ৰতিটো সময়েই মূল্যবান "
আইনাই ক'লে- "কিবা কৰাৰ আগতে নিজৰ 
মাজত নিজক বিচাৰি চোৱা "
খিৰিকীয়ে ক'লে— "পৃথিৱী চাই লোৱা "
কেলেণ্ডাৰে ক'লে—"গতিশীল হোৱা "
আৰু দুৱাৰে ক'লে— "নিজৰ লক্ষ্য পাবলৈ 
পূৰ্ণ্যোদ্যমে জোৰ লগোৱা"

ৰেখাও বৰ আজৱ হৈ পৰে ,
কপালত সোমালে ভাগ্যৰ ৰূপ পায় ,
মাটিত সোমালে সীমান্তৰ ৰূপ পায় ,
চালৰ ভিতৰত সোমালে তেজ ওলায় ,
আৰু সম্বন্ধত সোমালে প্ৰাচীৰৰ ৰূপ পায় ।

এক টকা এক লাখ নহয় ,
পিচে এক লাখৰ পৰা 
এক টকা ওলাই গ'লেও এক লাখো হৈ নাথাকে ।

মই আপোনালোকৰ 
লাখৰ ভিতৰত সেই এক টকাৰ দৰেই এজন বন্ধু ৷ সযতনে ৰাখিব ৷ 

বাকী সকলো মায়া মোহ ...

Comments

  1. বৰ ভাল লাগিল পঢ়ি
    আশা কৰোঁ আগলৈ........,
    ঠিক আমিও লাখৰ ভিতৰত সেই এক টকাৰ দৰে এজন বন্ধু।একে একে দুই হয় নে কি কোৱা,নিশ্চয় ৰাখিম।

    ReplyDelete

Post a Comment

Popular Posts