(১) জয়াৰ চৰণত

জয়াৰ চৰণত প্ৰণিপাত কৰিলোঁ
হৃদয়ৰ শলিতা জৰি ,
কাৰেনো অন্তৰত ভালপোৱা জাগিলে
তেজেৰে বুলোৱা ৰাঙলী চুলি ।

দেশকো ৰাখিলে, অসমীয়াক শিকালে
নিজকে বলিদান দি ,
সতী জয়মতীৰ স্মৃতিকে সুঁৱৰি
ৰচিলে ইতিহাস জৰী ।

প্ৰাণৰে কোণতে কোনে জুই জ্বলালে
স্বাধীন মনৰ আঁৰ দি ,
শতৰু-মিতিৰে অসমখন ভাঙিলে
নিজৰ সকলো দি ।

হিয়াঢাকুৰি কান্দিলেও অন্তৰ নৰলে
কাৰোৰে নালাগে গাত ,
মোৰ হৈ নৰবা চেনেহী লগৰী
আগত আছে বহুদিনৰ বাট ।।

Comments

Popular Posts