(৫) প্ৰিয় শিল্পী হিৰুদা প্ৰণামো তোমাক

সিদিনাখন মানুহজনে এটা কবিতা শুনাইছিল
বকুল ফুল বকুল ফুল গোন্ধোৱা ,
এটা বৰ দীঘল কবিতা ।
বৰ্ষণ জাগ্ৰত বকুলৰ সুবাস ফালি
প্ৰত্যাশিত হৈছিল কাব্যৰ পাহবোৰ ,
কঁপা কঁপা হাতেৰে আঁকি দিছিল
জীৱনৰ কৃত্ৰিম ভাস্কৰ্যবোৰ ।
এতিয়া এন্ধাৰত জাপ খোৱা নীৰৱতাবোৰ
সিপাৰত ৰৈ আছে মানুহজনৰ স'তে ।
পখিলাবোৰো উৰি গ'ল 
সুগন্ধি সুবাস বিচাৰি ,
তোমাৰ সৃষ্টি গণিবলৈ ।
মোৰ কাব্যিক শব্দবোৰো নোহোৱা হ'ল ,
তোমাক প্ৰণাম জনাবলৈ ।
সাহিত্যৰ পৃথিৱীত এক গভীৰ আঁচ পৰিল ,
যি মোৰ দুচকুত এতিয়া
তোমাৰ চিৰন্তন আৰু চিৰকালৰ সৃষ্টি ।।

Comments

Popular Posts