(৩) অনুসৰণ

বৰ সহজে দুখ আহে
বুকুখন উজাৰ কৰি দিয়ে ,
দুখে ঘৰ হেৰুৱাই
শেঁতা মুখত উবুৰি খাই পৰে ।

গধূলি বেলিকাই সি ওলাই গ'ল
সোঁৱৰণিৰ বাটটোৰ ফালে ,
কোলাহল কৰি ওলাই আহে
এজাক বতাহ 
নিজে নিজে জাপ খাই
পদুমৰ কোমল থোপা ।

এদিন সি এনেকৈয়ে আহিছিল
কোনেও নজনাকৈ ,
তুলসীতলৰ ৰাতিত বহি
সি গান গাইছিল ,
সুৰবোৰ ঢলি গৈ
এন্ধাৰত লাগিছিল ,
শব্দবোৰে মোৰ বুকুত
জীৱনৰ ঘৰ সাজিছিল ।।

Comments

Popular Posts