(১১) চেনেহী বহাগ

(১)
যেতিয়া বহাগ আহে
আঁউসীৰ সীমনাত গৈ দুখবোৰে মেল পাতে ,
কিবা প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ
অথবা চেনেহী বহাগৰ ভালপোৱা ।

(২)
এনেকৈয়ে জোৱাৰ উঠে
আনন্দ-হেঁপাহৰ ,
তাতেই ভৰ দি জীয়াই থাকে
হেজাৰ বিজাৰ সপোন ।
যি সপোনে লৈ যায়
উচ্চতাৰপৰা উচ্চতালৈ ।

(৩)
পিতাইৰ নয়নজুৰি সেমেকা
আইৰ দুহাতত অবাধ যন্ত্ৰণা ,
কোনে বুজাব কাক ?

(৪)
সূৰ্য্য উঠা বাটেদি গৈ
এদিন সি ঠিকনা হেৰুৱাইছিল ,
আৰু সেই ঠিকনাতে সি
চেনেহী বহাগক বিসৰ্জন দিছিল ।

Comments

Popular Posts