(৯) শেষ বাৰিষাৰ মেঘ
কালি ৰাতি বৰষুণ দিছিল
তোমালৈ সঘনাই মনত পৰিছিল ,
নামি আহিছিল
নৈশাব্দিক ৰাতিৰ ভালপোৱা ।
কালি ৰাতি বৰষুণ দিছিল
পথাৰৰ সীমনাত চৰাইজনীয়ে কান্দিছিল ,
আউলি-বাউলি হৈছিল
ধানথুকৰ এমুঠি দুখ ।
আজি আকৌ বৰষুণ দিব
কলীয়া ডাৱৰজাক
দেউকা বহল কৰি আহিছে ,
তোমাৰ দুহাতত হাত থৈ
মই আকাশলৈ চালো
মোৰ দেহে-দেহে শেষ বাৰিষাৰ মেঘ ।।
তোমালৈ সঘনাই মনত পৰিছিল ,
নামি আহিছিল
নৈশাব্দিক ৰাতিৰ ভালপোৱা ।
কালি ৰাতি বৰষুণ দিছিল
পথাৰৰ সীমনাত চৰাইজনীয়ে কান্দিছিল ,
আউলি-বাউলি হৈছিল
ধানথুকৰ এমুঠি দুখ ।
আজি আকৌ বৰষুণ দিব
কলীয়া ডাৱৰজাক
দেউকা বহল কৰি আহিছে ,
তোমাৰ দুহাতত হাত থৈ
মই আকাশলৈ চালো
মোৰ দেহে-দেহে শেষ বাৰিষাৰ মেঘ ।।
Comments
Post a Comment