(১৫) বিচ্ছেদ
হেৰুৱাম বুলি নভৱাকৈয়ে
এদিন হেৰুৱাইছিলো তেওঁক !
বুকুৰ শেষ ষ্টেচনত
স্তব্ধ হৈ পৰিছিল ভালপোৱাবোৰ !
শূন্যতাৰে ভৰি পৰিছিল
মোৰ দুহাত, দুচকু !
কি কৰিম ?
চিঞঁৰি চিঞঁৰি দুখবোৰ
উজাৰি দিয়াৰ বাহিৰে !
আসঃ !
ভালপোৱা চুবুৰীত এতিয়াও পৰি আছে
পুৰণি গধুৰ নিশ্বাসবোৰ ।
সুখী হোৱা
অ' মোৰ বিষাদ লগৰী ?
এতিয়া বুকুৰ পৰা বুকুলৈ
এআকাশ বাট ।।
এদিন হেৰুৱাইছিলো তেওঁক !
বুকুৰ শেষ ষ্টেচনত
স্তব্ধ হৈ পৰিছিল ভালপোৱাবোৰ !
শূন্যতাৰে ভৰি পৰিছিল
মোৰ দুহাত, দুচকু !
কি কৰিম ?
চিঞঁৰি চিঞঁৰি দুখবোৰ
উজাৰি দিয়াৰ বাহিৰে !
আসঃ !
ভালপোৱা চুবুৰীত এতিয়াও পৰি আছে
পুৰণি গধুৰ নিশ্বাসবোৰ ।
সুখী হোৱা
অ' মোৰ বিষাদ লগৰী ?
এতিয়া বুকুৰ পৰা বুকুলৈ
এআকাশ বাট ।।
Comments
Post a Comment