(১৮) মেঘ

মোৰ বুকুত
তেওঁ মেঘ ৰাশি ,
এজাক ভালপোৱা সৰা মেঘ ।

ডিচেম্বৰ অথবা জানুৱাৰী পাৰত বহি
এতিয়া জোনাকৰ কবিতা নপঢ়োঁ ,
বুকুখন বিষায় ।

তাতকৈ
সেই মেঘৰ ঠিকনালৈয়ে গুচি যাম ,
অন্তঃ ক'ব পাৰিম
তেওঁৰ বুকুৰ চুবুৰীতে যে ডুবে ,
মোৰ হেঙুল বৰণীয়া সূৰ্য্য ।।

Comments

Popular Posts